নিৰ্মাণৰ এবছৰ সমপূৰ্ণ নৌহওঁতেই দলহাটৰ পৰা লালুক কাছজুলি পথৰ দুৰঅৱস্থা ।
লক্ষীমপুৰ, ফুলবাৰীত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘতিত কৰিছে ঠিকাদাৰ ৰুপী দালাল ভৰত বৰাই৷
ফুলবাৰী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদৰ পিছত বিভাগে কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা হাৰ পালে যদিও ভৰতক কিন্তু নাকী লগাব নোৱাৰিলে৷ সেয়েহে বিভাগৰ লগত গোপন মিতিৰালি থকা ভৰতে ফাতি, বহী যোৱা, পথৰ মাজত গাত হোৱা অংশত পাতলকৈ আলকতৰা চেতিয়াই দায়িত্ব সামৰিছে৷
এই গৰাকী ঠিকাদাৰক ব্লেক লিষ্টেড কৰাৰ লগতে পথটি পুনৰ প্ৰাক-কলন মতে কৰোৱাৰ দাবী স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সন্থাৰ৷ BJP ৰ আশীৰ্বাদ পুষ্ট এইগৰাকী ঠিকাদৰক নাকীলগাব পাৰিবনে বিভাগে৷ ব্যৱস্থা গ্ৰহণ কৰিবন দুৰ্নীতি বিৰুদ্ধে শূন্য সহণ শীলৰ কথা কোৱা মুখ্যমন্ত্ৰী অথবা গড়কাপ্তানি মন্ত্ৰীৰ সাহস হ’ব নে? এই প্ৰশ্ন এতিয়া সাধাৰণ ৰাইজৰ৷