নিৰ্বাচনত দলীয় প্ৰতীকি ব্যৱহাৰৰ দাবী তুলি মাণিকপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

পঞ্চায়ত নিৰ্বাচন সময় মতে অনুষ্ঠিত কৰা আৰু পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে দলীয় প্ৰতিক ব্যৱহাৰ কৰাৰ দাবীৰে মাণিকপুৰত কংগ্ৰেছৰ প্ৰতিবাদ।মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।

সমগ্ৰ অসমৰ লগতে বঙাইগাওঁ জিলাৰ মাণিকপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

পঞ্চায়তৰ নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ লগতে বিজেপিৰ দলীয় প্ৰতিকেৰে নিৰ্বাচনত অৱৰ্তীৰ্ণ হবলৈ আহ্বান জনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ধৰাশায়ী হোৱাৰ ভয়ত দলীয় প্ৰতীকি অবিহনে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি অভিযোগ কংগ্ৰেছৰ। যাৰ পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমৰ্মে মাণিকপুৰত কংগ্ৰেছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ৰাইজৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনত দলীয় প্ৰতীকি ব্যৱহাৰৰ দাবী তুলি মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে।