মঙলবাৰে পুৱা, জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ আলশ্বিপোৰা অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা এক এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হয়। এই তথ্য আজি সদৰি কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে।
নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা উগ্ৰপন্থী সদস্য দুজনক ক্ৰমে মৰিফাত মকবুল আৰু জাজিম ফাৰুক ওৰফে আব্ৰাৰ বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, পাকিস্তান সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্ক আছিল দুয়োজন উগ্ৰপন্থীৰ।
কাশ্মীৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে কয়, ‘কাশ্মিৰী পণ্ডিত সঞ্জয় শৰ্মাৰ হত্যাৰ সৈতে জড়িত আছিল আজি নিহত হোৱা আব্ৰাৰ।‘
উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰি মাহত পুলৱামাৰ ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰা হৈছিল সঞ্জয় শৰ্মাক।
আলশ্বিপোৰা অঞ্চলটোত উগ্ৰপন্থী সদস্যই আত্মগোপন কৰি থকা বুলি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষী বাহিনীয়ে চলোৱা অভিযানৰ সময়তে এই এনকাউণ্টাৰৰ ঘটনাটো সংঘটিত হয়।