শিৱসাগৰঃ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত নাজিৰাৰ মুদিনগৰ চাহ বাগিচাৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত শুভলক্ষমী দত্তৰ প্ৰতিকৃতি দাহ।
সহস্ৰাধিক চাহ শ্ৰমিকে শুভলক্ষমী দত্তৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
অসম আৰক্ষীৰ কাম নাই, গৃহ বিভাগ হায় হায়, অনিমা প্ৰজাক ন্যায় দিব লাগিব, অসম চৰকাৰ হায় হায় ইত্যাদি শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক ৰাইজে।
উল্লেখ্য যে, বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ শুভলক্ষ্মীৰ বিৰুদ্ধে। অনিমা প্ৰজা নামৰ বনকৰা মহিলাগৰাকীৰ গাত গৰম পানী ঢালিছিল নিলম্বিত ASP শুভলক্ষ্মীয়ে। বাথৰুমৰ মজিয়া চেকেলিবলৈ বাধ্য কৰাইছিল শুভলক্ষ্মীয়ে। অভিযোগ উত্থাপন হোৱাৰ পিছত ৩০ আগষ্টত হেডকোৱাৰ্টাৰ ক্লজ কৰা হৈছিল শুভলক্ষ্মীক। তাৰ পিছত নিলম্বন কৰা হৈছিল। কিন্তু এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই শুভলক্ষ্মী দত্তক।