নাৰায়ণপুৰৰ ভোলাবৰীত নিশা তীব্ৰ বেগী এম্বুলেন্স পৰিল পানীত

নাৰায়ণপুৰৰ ভোলাবৰীত নিশা পথ দূৰ্ঘটনা।
তীব্ৰ বেগী বাহন পৰিল পানীত। কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ।

নিয়ন্ত্ৰণ হেৰুৱাই ৰোগী কঢ়িয়াই অনা 108 এম্বুলেন্স সোমাল পুখুৰীত।

অসম-অৰুণাচল সীমান্তৰ বালিপুখুৰীৰ পৰা জ্বৰত আক্ৰান্ত এটি ৬ বছৰীয়া এটি কন্যা শিশুক ধলপুৰ চিকিৎসালয়লৈ আনিছিল এম্বুলেন্সখনেৰে।

এই ঘটনাত এম্বুলেন্স খনত থকা ৪ জন লোকৰ আটাইকেইজনেই সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত শিশুটিৰ লগতে আঘাতপ্ৰাপ্ত কেউজনকে নিশাই অন্য এম্বুলেন্সেৰে ধলপুৰ চিকিৎসালয়লৈ লৈ যোৱা হ’য়।