অসমত বসবাস কৰা বহু লোকে নথি-পত্ৰৰ অভাৱত নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। ৰাজ্যৰ ত্ৰুটিপূৰ্ণ বিদেশী চিনাক্তকৰণ ব্যৱস্থাৰ বাবে সাধাৰণ মানুহক কিদৰে হাৰাশাস্তি কৰা হৈছে তাৰ উদাহৰণ হৈছে কাছাৰ জিলাৰ উধাৰবন্দ থানা অঞ্চলৰ দয়াপুৰ প্ৰথম খণ্ডৰ বাসিন্দা দুলুবি বিবি (৪৫)।
তেনে এটা গোচৰত দুলুবি বিবিএ বিগত ছবছৰ ধৰি অবৈধ প্ৰব্ৰজনকাৰী হোৱাৰ পৰিণতি ভোগ কৰি দুবছৰ ডিটেনচন কেম্পত কটাবলগীয়া হৈছিল।
কিন্তু দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত এইগৰাকী ৫০ বছৰীয়া মহিলাক অৱশেষত ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা হয়।
২০১৭ চনত অসমৰ ৫০ বছৰীয়া দুলুবি বিবিক ভোটাৰ তালিকাত নামৰ মিল নোহোৱাৰ বাবে বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰা হৈছিল। ৩ নং ন্যায়াধিকৰণে তেওঁক বিদেশী বুলি ৰায় দিয়ে। ১৯৯৭ চনত ভোটাৰ তালিকা সংশোধন কৰাৰ সময়ত হঠাৎ দুলুবি বিবিৰ নাম দেখি নিৰ্বাচনী শাখাই সন্দেহৰ কৰিছিল। তেওঁৰ নামৰ ক্ষেত্ৰত দেখা গৈছিল কিছু বিভ্ৰাট। এটা নথিত তেওঁৰ পিতৃৰ নাম শিৰাই মিঞা আৰু আন এখন নথিত আছিল শিৰাই মিঞা লস্কৰ।