নামতি চাৰি আলি ধোদৰ আলিত ১৭ গৰাকীকৈ হজ যাত্ৰীক জনালে সম্বৰ্ধনা।
ইছলাম ধৰ্মাৱলম্বী ব্যক্তি সকল হজৰ যাত্ৰাৰ বাবে পৱিত্ৰ মক্কা শ্বৰীফলৈ যাবলৈ সাজু হৈ উঠিছে। যাব লগা হজযাত্ৰী সকলৰ প্ৰস্ততি প্ৰায় সম্পুৰ্ণ হৈ উঠিছে।।
শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি চাৰি আলি ধোদৰ আলি যুৱ জামাত,মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত নামতি চাৰি আলি ধোদৰ আলিত অনুষ্ঠিত হয় এক হজযাত্ৰী সম্বৰ্ধনা অনুষ্ঠান।
বৃহত্তৰ নামতি অঞ্চলৰ ১৭ গৰাকী কৈ হজ যাত্ৰীক জনোৱা হয় বিশেষ সম্বৰ্ধনা।উল্লেখ্য যে ধোদৰ আলি যুৱ জামাত আৰু মছজিদ পৰিচালনা সমিতিয়ে বিগত সময়ৰে পৰা এনেদৰে মক্কালৈ ৰাওনা হব লগা হজ যাত্ৰী সকলক সম্বৰ্ধনা জনাই আহিছে।জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত শান্তি সম্প্ৰীতিৰ এনাজৰী ডাল অধিক কটকটীয়া হৈ থকাৰ বাবে এক ৰাজহুৱা দোৱা সম্পন্ন হয়।