ৰবীন্দ্ৰ জাডেজাই শেষ বলত নাটকীয় বাউণ্ডেৰী মাৰি চেন্নাইক আই পি এলৰ পঞ্চম ট্ৰফী প্ৰদান কৰে। গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰে চি এছ কেয়ে।
প্ৰথমে বেটিং কৰি গুজৰাট টাইটানছে ৪ উইকেটত ২১৪ ৰানৰ বিশাল ইনিংছ কৰে। বৰষুণে ১৫ অভাৰত চেন্নাইৰ ১৭১ ৰানৰ লক্ষ্য হ্ৰাস কৰে। মেচখনৰ একেবাৰে শেষৰ বলত চেন্নাইয়ে ৫ উইকেটৰ জয় কাঢ়ি লৈ যায়। ১৫ অভাৰত ৫ উইকেটত ১৭১ ৰান সংগ্ৰহ কৰি পুনৰ আই পি এল চেম্পিয়ন হয় চি এছ কে। ইয়াৰ জৰিয়তে চি এছ কে ৫ বাৰ আই পি এল চেম্পিয়ন হ’য়। আই পি এলৰ সৰ্বাধিক চেম্পিয়ন মুম্বাইৰ অভিলেখ স্পৰ্শ কৰিলে।
অন্তিম অভাৰৰ ড্ৰামা :
মোহিত শৰ্মাই শেষ অভাৰৰ প্ৰথমটো বলত কোনো ৰান খৰচ নকৰিলে। দ্বিতীয় বলত ডুবে ১ ৰান লয়। তৃতীয় বলত জাদেজাই ১ ৰান লয়। চতুৰ্থ বলত ডুবে ১ ৰান লয়। গতিকে, চেন্নাইক জয়ী হ’বলৈ শেষৰ ২টা বলত ১০ ৰানৰ প্ৰয়োজন হৈছিল। পঞ্চম বলত জাডেজাই ছয় মাৰে। চেন্নাইক জয়ী হ’বলৈ শেষ বলত চাৰিটা ৰানৰ প্ৰয়োজন। চেন্নাইত অনুষ্ঠিত মেচখনত জাদেজাই শেষৰটো বলত চাৰি মাৰি জয়লাভ কৰোৱায়।
গুজৰাট টাইটানছঃ ২১৪/৪ (ঋধীমান-৫৪, সুদৰ্শন-৯৬, পাথিৰানা-৪৪/২)
চেন্নাই ছুপাৰ কিংছ: ১৭১/৫ (কনৱে-৪৭)
চেন্নাই ছুপাৰ কিংছৰ ৫ উইকেটত জয়লাভ