শিৱসাগৰঃ নাজিৰাৰ মেকিপুৰত “বাগানে বাগানে কংগ্ৰেছ” শীৰ্ষক কাৰ্যসূচীত জনগণৰ বিপুল সহাঁৰি ।
বি জে পিৰ বিধায়ক প্ৰশান্ত ফুকনৰ মন্তব্যৰ প্ৰত্ত্যুতৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।
বিশ্ববিশ্ৰুত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তিনিৰ্মাণ কৰিবলৈ লোৱাত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া ।
মূল্যবৃদ্ধিকলৈ সৰৱ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।
আজি অসম প্ৰদেশ কংগ্ৰেছৰ নাজিৰা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আয়োজিত ” বাগানে বাগানে কংগ্ৰেছ ” শীৰ্ষক কাৰ্যসূচীত জনগণে বিপুল সহাঁৰি জনায় ।
এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডা, প্ৰাক্তন মন্ত্ৰী তথা অসম বিধান সভাৰ বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অৰ্পূৱ কুমাৰ ভট্টাচাৰ্য আদিকে ধৰি ভালেকেইজন শীৰ্ষ কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে।
বি জে পি বিধায়ক প্ৰশান্ত ফুকনে কৈছিল “ডিব্ৰুগড়ৰ পৰাই আৰম্ভ হৈছিল কংগ্ৰেছৰ ধ্বংস যাত্ৰা। বাগানে বাগানে গৈও সেই অৱস্থাৰ পৰা পৰিত্ৰাণ নাপায় দলটোৱে ।” ৰ এই মন্তব্যৰ প্ৰত্ত্যুত্তৰ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
বিশ্ববিশ্ৰুত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ লোৱা সন্দৰ্ভতো বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ।
তাৰোপৰি মুল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।