নাজিৰাৰ মাদুৰী চাহ বাগিছাৰ এখন বিদ্যালয়ত সংঘটিত হল এক অমানৱীয় কাণ্ড।

নাজিৰাৰ মাদুৰী চাহ বাগিছাৰ এখন বিদ্যালয়ত অমানৱীয় কাণ্ড : শিক্ষকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীক : সুৰাৰ ৰাগীত মাতাল হৈ ছাত্ৰীক অশালীন মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ শিক্ষক মিণ্টু দত্তৰ বিৰুদ্ধে

নাজিৰাৰ মাদুৰী চাহ বাগিছাৰ এখন বিদ্যালয়ত সংঘটিত হল এক অমানৱীয় কাণ্ড।

নেওতা পঢ়িব নোৱাৰাৰ বাবেই শিক্ষকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে কৰিলে ছাত্ৰ-ছাত্ৰীক।

তদুপৰি, শিক্ষকগৰাকীয়ে প্ৰায়ে সুৰাৰ ৰাগীত মাতাল হৈ ছাত্ৰীক অশালীন মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

এই জঘন্য কাণ্ড সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত “বৰাখোৱা মধ্য ইংৰাজী বিদ্যালয়”ত।

“বৰাখোৱা মধ্য ইংৰাজী বিদ্যালয়”ৰ বিষয় শিক্ষক মিণ্টু দত্তৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ।

শিক্ষকজনৰ এনে কাণ্ডত অঞ্চলটোত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে চাহ জনজাতীয় দল-সংগঠন।

ইতিমধ্য, “সদৌ অসম আদিবাসী ছাত্ৰ সন্থা”ই শিক্ষক জনৰ ওপৰত বিহিত ব্যৱস্থা কৰিবলৈ শিৱসাগৰ জিলা শিক্ষা বিষয়া আৰু শিৱসাগৰ জিলা উপায়ুক্তলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে ।