নাজিৰাৰ গেলেকী মুদিনগৰৰ এগৰাকী মহিলাৰ হিয়া ভগা কান্দোন

শিৱসাগৰঃ কিমান মৰ্মান্তিক বেদনাই আগুৰি ধৰিলে এনেকৈ হিয়া ধাকুৰি কান্দিব পাৰে সেইয়া বুজিব একমাত্ৰ স্বামী হেৰুৱা এগৰাকী মহিলাই।

হয়, এইগৰাকী মহিলা হৈছে নাজিৰাৰ গেলেকী মুদিনগৰৰ জয়ন্তী ওৰাং।

এইগৰাকী মহিলাৰ স্বামী বিমল ওৰাং কৰ্মৰত আছিল অসম ঔদ্যোগিক সুৰক্ষা বাহিনীত (Assam industrial security force ) ত।

কৰ্মৰ স্থান আছিল ডিগবৈৰ মলিয়াবাৰীত।

কৰ্মস্থলীতে এজন সহকৰ্মীৰ বন্ধুকৰ গুলীত বিমল ওৰাংৰ ১১ এপ্ৰিলত মৃৰ্ত্যু হৈছিল।

এই পৰিয়ালটোৱে স্বামীৰ মৃত্যুৰ আজি পৰ্যন্ত ন্যায় নোপোৱাৰ অভিযোগ উঠিছে ।।

অতি পৰিতাপৰ বিষয় যে স্বামীৰ মৃত্যুৰ পিছতেই স্বামীৰ পাব লগা প্ৰাপ্য দৰ্মহা আজি পৰ্যন্ত নোপোৱাত পাঁ‌চ জনীয়া পৰিয়ালটোলৈ নামি আহিছে বিপৰ্যয়।

অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ চাবুৱা স্থিত মুখ্য কাৰ্যালয়ত পত্নী জয়ন্তী ওৰাংয়ে দিব লগা প্ৰয়োজনীয় নথি পত্ৰ সমুহ জমা দিয়াৰ পিছতো প্ৰাপ্য দৰ্মহা নোপোৱাত পৰিয়ালটোলৈ অভাৱ অনাটন নামি আহিছে।

ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ সহায় বিচাৰি জনাইছে কাতৰ আহ্বান জনাইছে দূৰ্ভগীয়া মহিলাগৰাকীয়ে ।