নাজিৰাৰ এখন বিদ্যালয়ৰ পয়া লগা অৱস্থা

শিৱসাগৰঃ আধুনিক শিক্ষা ব্যৱস্থাইয়ো ঢুকি নোপোৱা এখন চৰকাৰী বিদ্যালয় এতিয়া গোহালি সদৃশ পৰিবেশলৈ ৰূপান্তৰিত হৈছে। হীৰক জয়ন্তী বৰ্ষ অতিক্ৰম কৰিবলৈ আগবঢ়া এইখন বিদ্যালয়ত সুৰক্ষিত নহয় ছাত্ৰ ছাত্ৰী সকল।

পিছে কিয়? জানিবলৈ চাওক আমাৰ এক বিশেষ প্ৰতিবেদন।

এই বিদ্যালয় খনলৈ মন কৰক, নাজিৰা শিক্ষা খণ্ডৰ অধীনস্থ ৭২০ নং খামোন অভয়পুৰীয়া প্ৰাথমিক বিদ্যালয়।

এই বিদ্যালয় খনৰ গৃহ দেখিলেই আপোনাৰ অনুমান হব যে এইখন বিদ্যালয়ত কেনেদৰে শিক্ষাদান চলিছে।

এফালে যদি এজাক বৰষুণ দিলেই পানী পৰে আনফালে আকৌ পকী বেৰত বৃহৎ বৃহৎ ফাট।

এক বিপদজ্জনক অৱস্থাত চলিছে কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ পাঠদান।

বিপদজনক অৱস্থাত থকা গৃহটোত যিকোনো সময়তে সংঘটিত হব পাৰে অঘটন।

গৃহ নিৰ্মাণৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই আবেদন নিবেদন কৰিও আজি পৰ্যন্ত আন্তগাথনিৰ অনুদান লাভ কৰা নাই এই বিদ্যালয় খনে।

উল্লেখ্য যে এই বিদ্যালয় খন নাজিৰা বিধান সভা সমষ্টিৰ এটা ভোট কেন্দ্ৰও।

এই বিদ্যালয় খনৰ গৃহৰ বিপদজনক অৱস্থা দেখি ছাত্ৰ ছাত্ৰী সকলক নাম ভৰ্তি কৰাত শংকিত হৈ পৰিছে অভিভাৱক সকল।

ক্ষোভিত হৈ পৰিছে অভিভাৱকৰ লগতে শিক্ষক সমাজ।

কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত বিভাগে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিব নে বিপদৰ মাজলৈ কণ কণ ছাত্ৰ ছাত্ৰী সকলক ঠেলি দিব সেইয়া পৰৱৰ্তী সময়তহে হব লক্ষণীয়।