শিৱসাগৰঃ নাজিৰাত ONGCৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ প্ৰতিবাদ। নাজিৰা গেটৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত বাক বিতণ্ডা প্ৰতিবাদৰ সময়ত দেখা যায়।
ONGC অসম সম্পদে লোৱা থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে লাচিত সেনাই ৰূপায়ন কৰে এই প্ৰতিবাদ।
৬টাকৈ দাবীৰে সাব্যস্ত কৰা এই প্ৰতিবাদৰ দাবী যদি অনতিপলমে ONGC কৰ্তৃপক্ষই কাৰ্য্যকৰী নকৰে তেনেহলে অনাগত দিনত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা ONGCৰ তৈলখাদ সমূহৰ খনন কাৰ্য বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে।
লগতে বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ৰামেশ্বৰ তেলী মুৰ্দাবাদ ধ্বনিৰে আকাশ বতাহ কঁপাই তুলে।
লগতে এই প্ৰতিবাদ বন্ধ কৰিবলৈ অহা নাজিৰা আৰক্ষীৰ লগতো বাক-বিতণ্ডাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।