শিৱসাগৰঃ নাজিৰাত চি পি আইৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক কনক গগৈৰ সংবাদ মেল ।
মূল্যবৃদ্ধি ৰোধ , চিণ্ডিকেট ৰাজ বন্ধ , বণিক গোষ্ঠীৰ সৈতে অবৈধ লেন-দেন বন্ধ আদিৰ দাবীত ২৮ আগষ্টত ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ঘোষণা ।
“কেগ” ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ ব্যাপক দূৰ্নীতি কাৰ্যৰ বিৰূপ প্ৰতিক্ৰিয়া ।
আগন্তুক লোকসভা নিৰ্বাচনত চি পি আই বিৰোধী মৰ্চাত থাকি লখিমপুৰ , কাজিৰঙা আৰু যোৰহাট সংসদীয় সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্ত সদৰী ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক তীব্ৰ বিৰোধিতা ।
জৈৱ – বৈচিত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা পাম খেতিৰ বাবে ব্যৱসায়ী বাবা ৰামদেৱক অসমৰ ভূমি আৱণ্টন দিয়া সিদ্ধান্তক তীব্ৰ বিৰোধিতা ।
নাজিৰা সমষ্টিৰ শৈল নগৰী বিহুবৰৰ উন্নয়নৰ পৰিৱৰ্তে অধিক কৰ সংগ্ৰহৰ স্বাৰ্থত নগৰ ঘোষণা কৰা কাৰ্যৰ বিৰূপ প্ৰতিক্ৰিয়া চি পি আইৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক কনক গগৈৰ ।