শিৱসাগৰঃ নাজিৰাত অ’ এন জি চিৰ মূখ্য কাৰ্যালয়ৰ সন্মূখত লঘূ যান বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী।
অ’ এন জি চিৰ মূখ্য কাৰ্যালয়ৰ সন্মূখত লঘূ যান বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাৰ অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন।
অ’ এন জি চিৰ লঘূ যান বাহন নিবিদা প্ৰক্ৰিয়াত
এজন ভেন্দৰক এখনকৈ লঘু বাহন প্ৰদান কৰা, প্ৰস্তাৱিত লটাৰী প্ৰক্ৰিয়া বন্ধ কৰা, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ নিৱনুৱা সকল অগ্ৰাধিকাৰ প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰা, এই তিনি দফীয়া দাবী উত্থাপন কৰি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছে লঘূ যান বাহন ঠিকাদাৰ সন্থা আৰু আত্মনিৰ্ভৰশীল মটৰ চালক সন্থাই।
দাবী সমূহ অ’ এন জি চি কতৃপক্ষই বিবেচনা নকৰিলে ২৮ চেপ্তেম্বৰৰ পৰা লঘূ যান বাহনৰ ক্ষেত্ৰত অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে এই দুই সন্থাই।