মৰিয়নী: নাগালেণ্ডত নগা দুৰ্বিত্তই অসমৰ বাহন চালকৰ পৰা অবৈধ ভাৱে ধন সংগ্ৰহৰ লগতে অসমৰ চালকক প্ৰহাৰ কৰাৰ অভিযোগ।
যোৰহাট জিলাৰ মৰিয়নীৰ জংচনৰ পৰা নাগালেণ্ডৰ মোককচাং লৈ কেইজনমান যাত্ৰীক থবলৈ যোৱাৰ সময়ত মোকাকচাং চহৰত অসমৰ চালকক ৰখাই বেআইনী ভাৱে নাগালেণ্ডত গাড়ী চলোৱাৰ অভিযোগ কৰি এখন চিল মোহৰ নথকা কাগজ দি ৩০০০টকাৰ জৰিমনা বিহাৰ লগতে চালকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে নগা দুৰ্বিত্ত দলৰ বিৰুদ্ধে ।লগতে প্ৰাণে মৰাৰো ভাবুকি।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অসমৰ পৰা নাগালেণ্ডৰ বিভিন্ন স্থানলৈ বিভিন্ন কামত যোৱা গাড়ী চালক তথা গৰাকীয়ে এই ধৰণৰ সমস্যাত ভূগি আহিছে।
নাগালেণ্ড তথা অসমৰ প্ৰশাসনক তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থাৰ কৰাৰ আহ্বান অসমৰ বাহন চালক সকলৰ ।