নলবাৰী বৰভাগত অমৃত কলহ যাত্ৰাত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা৷

বাহাৰঘাটঃ বৰভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৩ খন গাৱঁৰ আৰু সাতখন গাওঁ পঞ্চায়তৰ অধীনস্থ অমৃত কলহ যাত্ৰাত উৎসৱ মুখৰ পৰিবেশ৷

আৰিকুছি দুৰ্গামণ্ডপৰ পৰা মৰোৱা শ্ৰীমন্তশঙ্কৰদেৱ উৎসৱ খলালৈ বৃহৎ সমদলৰে অমৃত কলহ যাত্ৰাত মুখ্যমন্ত্ৰীৰ লগত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলা আয়ুক্ত বৰ্নালী ডেকা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডা°মৃগাংক তালুকদাৰ, এ পি ডি চিৰ অধ্যক্ষ ড°দেৱজিত মহন্ত, নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকে ধৰি বহুতো জিলা প্ৰশাসনিক বিষয়াই সহযোগ কৰে৷

সমদলৰ অন্তত উৎসৱ খলাত এখন ৰাজহুৱা সভাত ৰাইজক উদ্দেশ্যি ভাষন দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে৷