নলবাৰী জিলাৰ বৰভাগ অঞ্চলত জলজীৱন মিছন ধোঁৱাচাঙত

◆ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “হৰ ঘৰ জল” শ্লোগান ধোঁৱাচাঙত।
◆ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চকুৰ আগত গাঁৱে গাঁৱে জলজীৱন মিছনৰ বিধ্বস্ত ৰূপ।
◆ গঞা ৰাইজে দমকল, খাল-বিলৰ পানী ব্যৱহাৰ কৰিছে।

নলবাৰী জিলাৰ বৰভাগ অঞ্চলত জলজীৱন মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পসমূহ এটি এটি কৈ ধোঁৱাচাঙত উঠিছে। প্ৰতিজন নাগৰিকৰ বাবে বিশুদ্ধ খোৱাপানী নিশ্চিত কৰিবলৈ ‘হৰ ঘৰ জল’ অভিযানৰ অধীনত প্ৰধানমন্ত্ৰীৰ লক্ষ্য অনুসৰি অসম চৰকাৰে ৰাজ্যখনৰ ২,৭৪২ খন গাঁৱত ১০০ শতাংশ কাৰ্যক্ষম নল সংযোগ ব্যৱস্থাৰে পানী যোগান ধৰিবলৈ সক্ষম হোৱাৰ যি দম্ভালি মাৰিছে বাস্তৱত সেয়া যে ভুৱা প্ৰচাৰ এই বিকল আঁচনিসমূহে উদঙাই দিছে।

অকল বিজ্ঞাপনৰ চমক দিয়ে আঁচনি চলোৱাৰ অভিযোগ তুলিছে ৰাইজে। এখন সুকীয়া নতুন আঁচনিৰ লগত পুৰণা আঁচনিখন কৌশলেৰে সংযোগ কৰি ঠিকাদাৰৰ লগত একাংশ বিষয়া কৰ্মচাৰীয়ে কোৰোণাৰে ধন চপোৱাৰ তীব্ৰ অভিযোগ উঠিছে।

জানিবপৰামতে অঞ্চলটোৰ কোনো এখন আঁচনিয়ে উপভোক্তাক নিয়মীয়াকৈ বিশুদ্ধ পানী যোগান ধৰিব পৰা নাই। নখেতিত বাৰ বছৰে কাৰ্যক্ষম নহ’ল বিশুদ্ধ পানীযোগান আঁচনিখন । আৰংগমৌত নিৰ্মাণ কৰা আঁচনিখনৰ পৰা ৰাইজৰ আভিযোগমতে এদিন ঘোলাপানী দিয়ে আজি পৰ্যন্ত পানী দিবলৈ সক্ষম নহ’ল। উপায়ুক্ত, বিভাগ আদিত আঁচনিখন কাৰ্যক্ষম কৰিবলৈ আবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ উঠিছে। ৰাইজৰ অভিযোগ মতে ঠিকাদাৰে আঁচনিসমূহৰ পাইপবোৰ কৰবাত কৰবাত ছয় ইঞ্চি, কৰবাত আঠ ‌ইঞ্চি মাটিৰ তলত পুটিছে যাৰ ফলত গধূৰ যান-বাহন পাইপৰ ওপৰত উঠিলেই পাইপবোৰ ফাটি যায়। আনহাতে পুৰণা পাইপবোৰত নতুন পাইব সংযোগ কৰি ঠিকাদাৰে সৰকাইছে আঁচনিৰ ধন। সঘনাই মটৰ বেয়া হোৱা, বৰিং কৰা চুইচবোৰ্ড বেয়া হোৱা আদি বিভিন্ন সমস্যা এটাৰ পিছত এটা সংগটিত হৈ আহিছে যাৰ বাবে আঁচনিসমূহ সঠিক ৰূপত কাৰ্যক্ষম হোৱা নাই।