নলবাৰীঃ নলবাৰীৰ বৰবৰীত হত্যাকাণ্ড। ২৮ বছৰীয়া ৰাহুল দাসক গাঁওৰ একাংশ যুৱকে নিজ ঘৰৰ পিছফালে মৰিয়াই মৰিয়াই পুতি থলে গাঁতত। বৃহস্পতি বাৰে নিজ ঘৰৰ কোঠাত অগ্নিসংযোগ কৰা ৰাহুল আছিল উৎপতিয়া। তিনিজন অভিযুক্তক আটক আৰক্ষীৰ।
শুকুৰবাৰে নিশা নিজৰ ঘৰৰ পিছফালে গাঁওৰে একাংশ যুৱকে ৰাহুলক মৰিয়াই মৰিয়াই হত্যা কৰিলে।
হত্যা কৰাৰ পিছত ঘৰৰ পিছফালে পুতি থলে ৰাহুলৰ মৃতদেহ। কিন্তু, কিয় ঘটিল এই অঘটন। অভিযোগ অনুসৰি উৎপতিয়া স্বভাৱৰ ৰাহুলে বৃহস্পতি বাৰে নিশা উদ্ভণ্ডালি কৰি নিজৰেই কোঠা এটাত অগ্নিসংযোগ কৰিছিল। তদুপৰি গাঁওখনত প্ৰায়ে কৰি আহিছিল কাজিয়া। চৰকাৰী ভাবে লাভ কৰা গৃহত অগ্নিসংযোগ কৰাৰ পিছত আৰক্ষীয়ে ৰাহুলক আটক কৰি শুকুৰবাৰে এৰি দিছিল। মগজুৰ বিকৃতি ঘটা ৰাহুলৰ ওপৰত শুকুৰবাৰে নিশা প্ৰায় ১৪ গৰাকী যুৱকে ললে চৰম সিদ্ধান্ত।
আজি আৰক্ষী আহি গাঁত ৰ পৰা উদ্ধাৰ কৰে মৃতদেহ।
ইপিনে ৰাহুলক হত্যা কৰা ৰ অভিযোগত গাঁওৰ তিনি যুৱক ক্ৰমে সীমান্ত দাস, সঞ্জয় ওৰফে সঞ্জু দাস আৰু পংকজ দাসক নলবাৰী আৰক্ষীয়ে আটক কৰিছে।উল্লেখযোগ্য নিহত ৰাহুলৰ খুড়া তথা আটকাধীন পংকজ দাসৰ নেতৃত্বততে সমগ্ৰ হত্যা কাণ্ডৰ ঘটনা ৰচনা কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে।এতিয়া আৰক্ষী ৰ তদন্ততহে ওলাব ঘটনাৰ প্ৰকৃত ছবি।