শুকুৰবাৰে নলবাৰী জিলাৰ আৰিকুছিত থিয়েটাৰ ৰুদ্ৰাক্ষ ৰ আখৰা গৃহ মুকলি কৰা হ’য়।
থিয়েটাৰ ‘ৰুদ্ৰাক্ষ’ৰ নৱ প্ৰযোজক ৰূপ জ্যোতি বৰাই নামানে সদৌ অসম ভ্ৰাম্যমান থিয়েটাৰ প্ৰযোজক সন্থাৰ নীতি-নিৰ্দেশনা। নিজৰ মতে চলাব থিয়েটাৰ আৰু তেওঁ নিজেই লব সকলো সিদ্ধান্ত।
শুকুৰবাৰে নলবাৰী জিলাৰ আৰিকুছিত থিয়েটাৰ ৰুদ্ৰাক্ষ ৰ আখৰা গৃহ মুকলি কৰাৰ দিনাই প্ৰযোজক গৰাকীয়ে এই মন্তব্য কৰে। ৰূপ জ্যোতি বৰাই কয় যে-আহ্বায়ক সমিতিয়ে বিচৰা ধৰণে তেওঁলোকে নাট প্ৰদৰ্শন কৰিব।
উল্লেখযোগ্য প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণ জগতলৈ অহা থিয়েটাৰ গোষ্ঠীটোৱে অভিজিত ভট্টাচাৰ্যৰ “মাজনিশাৰ মমতাজ”, প্ৰশান্ত মেনাৰ ”ৰুদ্ৰপ্ৰিয়া” আৰু চম্পক শৰ্মাৰ “ব্ৰহ্মাস্ত্ৰ” এই তিনিখন নাট মঞ্চস্থ কৰিব।
অভিনয়ত আছে গুঞ্জন ভৰদ্বাজ, সুকুমাৰ বৰ্মন, মুনমি ফুকণকে ধৰি কেবাগৰাকী অভিনেতা-অভিনেত্ৰী।