নলবাৰীঃ নলবাৰীত পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ। পাষণ পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ জন্মদায়িনী মাতৃক।
স্থানীয় ৰাইজৰ সন্দেহ তথা অভিযোগ মৰ্মে ঘটনাটো এনেধৰণৰ যে নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কয়াকুছি গাওঁ নিৱাসী ৰাকেশ কলিতা নামৰ যুৱকজনে মদ্যপান কৰি কোনো কাজিয়াৰ সুত্ৰপাতত নিজ মাতৃ কামিনী কলিতাক মৰিয়াই মৰিয়াই হত্যা কৰে।
যোৱানিশা অৰ্থাৎ দুই চেপ্টেম্বৰ শনিবাৰে নিজৰ বাসগৃহতে সংঘটিত কৰে এই নৃশংস হত্যাকাণ্ড।দীৰ্ঘদিনৰে পৰা নিজ মাতৃক নিৰ্যাতন চলাই অহাৰ অভিযোগো তৰে স্থানীয় ৰাইজে। হত্যাকাৰী পুত্ৰৰ নাম হ’ল ৰূপম (ৰাকেশ) কলিতা। মৃত মহিলাগৰাকী হ’ল কামিনী কলিতা।
কেচী আৰু ঘুচিয়াই ঘুচিয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হয়। ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰূপম কলিতাক । পাষণ পুত্ৰকলৈ এতিয়া নলবাৰীৰ সচেতন মহলে ধীক্কাৰ জনাই লগতে দোষী পুত্ৰক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাই।