নলবাৰীৰ হাতীমাৰী হীৰাপাৰাত বৰলীয়া নৈৰ তীব্ৰ খহনীয়া৷

নলবাৰীৰ হাতীমাৰী হীৰাপাৰাত বৰলীয়া নৈৰ তীব্ৰ খহনীয়া৷

অন কেমেৰা গছগছনি বাঁহ আদি উটুৱাই নি সৰ্বশ্ৰান্ত কৰিছে গাওঁবাসীক৷

কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তবৰ্তী বৰলীয়া নৈৰ বলীয়া বানে যোৱাটো বৰ্ষৰে পৰা বহুতো পৰিয়ালক সৰ্বশ্ৰান্ত কৰিছে৷

নৈখনৰ খহনীয়াই গছগছনি, বাঁহ, পাচলি বাগিছা উটুৱাই নি একপ্ৰকাৰ ধ্বংস স্তুপত পৰিনত কৰিছে কিছুসংখ্যক নৈ পৰীয়া ৰাইজক৷

শেহতীয়া ভাবে নলবাৰী জিলাৰ হাতীমাৰী হীৰাপাৰাৰ দিলীপ হীৰাৰ বাৰী বস্তিৰ গছগছনি খহনীয়াত জাহ যোৱাৰ লগতে আশ্ৰয় স্থলী ঘৰখনলৈ ও ভাবুকি আহিছে৷ সম্প্ৰতি পানী কমিবলৈ লৈছে যদিও গৰাখহনীয়াই তাণ্ডৱ চলাই চিন্তিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক৷ দুখৰ বিষয় যে উক্ত খহনীয়া ঠাইত কোনো চৰকাৰী লোকৰে পদাৰ্পণ ঘটা নাই৷

যোৱাবৰ্ষতে খহনীয়া আৰম্ভ হোৱা ঠাই খনি সেইসময়তে জলসম্পদ বিভাগে পৰিদৰ্শন কৰি শিঘ্ৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছিল যদিও আজি পৰ্য্যন্ত তাক সম্ভৱ নহল৷ পুনৰ চলিত বৰ্ষৰ প্ৰৱল বানে খহনীয়া আৰম্ভ কৰি চিন্তিত কৰি তুলিছে ৰাইজক৷

মনকৰিবলগীয়া যে উক্ত খহনীয়া ঠাইতে এটি জলসিঞ্চন পাম্প আছে যদিও সেইটোও খহনীয়াৰ কবলত পৰাৰ সম্ভাৱনা বহুত বেচি৷ কিন্তু দুৰ্ভাগ্যজনক ভাবে জলসিঞ্চন আৰু জলসম্পদ বিভাগ দুটাই বৰ্তমানলৈ মৌনতা অৱলম্বন কৰি আছে৷ অঞ্চলবাসী ৰাইজে শিঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে৷