নলবাৰীৰ বৰভাগত আজিয়ো সম্পূৰ্ণ নহ’ল শ্লুইছ গেট নিৰ্মানৰ কাম ৷

প্ৰতিবছৰে বানে জুৰুলা কৰা নলবাৰীৰ বৰভাগত আজিয়ো সম্পূৰ্ণ নহ’ল শ্লুইছ গেট নিৰ্মানৰ কাম ৷

ধ্বংসস্তুপত পৰিণত হৈছে কেইবাকৌটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা শ্লুইছ গেটৰ খুটা আৰু ভেটি।

জহিখহি গৈছে নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ হোৱা মুল্যবান মেছিন৷

স্থানীয় ৰাইজৰ দাবীৰ পৰিপ্ৰেক্ষিতত বৰভাগৰ দুসুঁতীমুখত কেইবাবছৰ পূৰ্বেই আৰম্ভ হৈছিল শ্লুইছ গেট নিৰ্মাণৰ কাম৷

কিন্তু নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ কিছুদিন পিছতেই ৰহস্যজনক কাৰণত স্তব্ধ হৈ পৰিছিল কাম৷

প্ৰতিবছৰে বানে জুৰুলা কৰা বৃহত্তৰ বৰভাগ অঞ্চলৰ ৰাইজে সেয়েহে বান নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰেই উক্ত স্থানত শ্লুইছ গেট নিৰ্মাণৰ দাবী উত্থাপন কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *