নলবাৰীৰ বৰবৰৰা শ্ৰীশ্ৰী বিষহৰি মন্দিৰত বিষহৰি পূজা

লোকেলোকাৰণ্য হৈ পৰিল নলবাৰীৰ বৰবৰৰা শ্ৰীশ্ৰী বিষহৰি মন্দিৰ প্ৰাংগন।

বিভিন্ন ঠাইৰ ভক্তৰ সমাগমে উথপথপ হৈ পৰিছে ঐতিহ্যমণ্ডিত বিষহৰি পূজাস্হলী।

নলবাৰী জিলাৰ বৰবৰৰা শ্ৰীশ্ৰী বিষহৰি মন্দিৰ প্ৰাংগনত দুদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ১২০ বছৰ অতিক্ৰম কৰা শ্ৰীশ্ৰী বিষহৰি পূজা। যোৱাকালি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে আজি ৰাতিপুৱা বিষহৰি বিহীত পূজা আৰম্ভ কৰা হয়।

নলবাৰী জিলাৰ লগতে দাঁতি-কাষৰীয়া বিভিন্ন ঠাইৰ অগনন ভক্ত উপস্থিত হৈ বন্তি প্ৰজ্বলন, নৈবেদ্য আগবঢ়োৱাৰ লগতে ছাগলী, হাঁহ, পাৰ, কোমোৰা, কুঁহিয়াৰ আদি বলি দি মা বিষহৰিৰ পুজা অৰ্চনা কৰে।

মনকৰিবলগীয়া যে নলবাৰীৰ বৰবৰৰা শ্ৰীশ্ৰী বিষহৰি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা বিষহৰি পূজা স্থলীত বিভিন্ন ঠাইৰ ভক্তৰ সমাগমে উথপথপ পৰিবেশৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে পুজাৰ লগত সংগতি ৰাখি সন্ধিয়া নাগৰা নামৰ পাঠক ৰামচৰণ ভড়ালী আৰু প্ৰনৱ মেধিয়ে নাগাৰা নাম পৰিবেশ কৰিব বুলি বিষহৰি পুজা পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *