নলবাৰীৰ পৰা ৰাজ্যিক ভিত্তিত আৰম্ভ হল স্বচ্ছতাই সেৱা কাৰ্যসূচী

বাহাৰঘাটঃ প্ৰতি বছৰে ১৫ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ পালন কৰা হয় স্বচ্ছতা দিৱস। আজি নলবাৰীৰ পৰা ৰাজ্যিক ভিত্তিত আৰম্ভ হল স্বচ্ছতাই সেৱা কাৰ্যসূচী ।

আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰী মেডিকেল কলেজত এইদৰে আৰম্ভ কৰে এই কাৰ্যসূচী।

কাৰ্যসূচীৰ লগত সংগতি ৰাখি এইদৰে এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছতেই মেডিকেল কলেজ চৌহদত ৰোপন কৰাৰ হয় গছপুলি।

গছপুলি ৰোপন সম্পৰ্কত বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অখিল গগৈ গাড়ী ভঙা আন্দোলন হে জানে বৃক্ষ ৰোপণ আন্দোলনৰ বিষয়ে কি জানিব বুলি কৰে কটাক্ষ।