নলবাৰীৰ চান্দকুছি বৰআজাৰাত শোকাবহ ঘটনা৷
পানীত পৰি কৰুণ মৃত্যুক আকোঁৱালি ললে দুই শিশুৱে৷
এগৰাকী ৬ বছৰীয়া আৰু আনগৰাকী ৮ বছৰীয়া শিশু৷
পুখুৰীত খেলি থকা অৱস্থাত মৃত্যু হয় দুয়োটি শিশুৰ৷
মৃত শিশু দুটি ক্ৰমে মানসজ্যোতি ঘোষ আৰু হিমু দাস৷
হিমু বৰআজাৰা প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিল।
আনহাতে মানুসৰ ঘৰ আছিল বামুন জলিত। মানসে মোমায়েকৰ ঘৰলৈ আহিছিল।
পিছত দুয়োৰে পুখুৰীৰ পাৰত চেন্ডেল পৰি থকা প্ৰত্যক্ষ কৰি পানীৰ পৰা উদ্ধাৰ কৰা হয় দুয়োটি শিশুক।