নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ OC বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত।

নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ OC বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বৰ্খাস্ত কৰিলে বিমান ৰয়ক। নিশা টুইট কৰি বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্তৰ কথা জনালে ডিজিপি জিপি সিঙে।

থানাৰ ভিতৰত কিশোৰীক উলংগ কৰি ফটো সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল OC বিমান ৰয়ৰ বিৰুদ্ধে। ঘটনাৰ পিছৰে পৰা বৰ্তমানো OC বিমান চন্দ্ৰ ৰয়ক পলাতক হৈ আছে। বিমান চন্দ্ৰ ৰয়ৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে DGP জি পি সিঙে।

ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপনৰ পাচত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে তেওঁক নিলম্বন কৰাৰ লগতে পলাতক ঘোষণা কৰে ৷ তেওঁ লগতে বিমল ৰয়ৰ তথ্য লাভ কৰিলে নলবাৰীৰ আৰক্ষী অধীক্ষকক অৱগত কৰিবলৈ আহ্বান জনাই সন্ধান দিওঁতালৈ উপযুক্ত পুৰস্কাৰ ঘোষণা কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে টুইটটোত উল্লেখ কৰা অনুসৰি বিমান ৰয়ৰ বিৰুদ্ধে POCSO আইনৰ 12/14(1) ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷

সমগ্ৰ ঘটনাটোক অসম আৰক্ষীৰ বাবে অপমানজনক আখ্যা দিছে ডিজিপি জিপি সিঙে। ছচিয়েল মিডিয়াযোগে অসম আৰক্ষীৰ সন্মানত চেকা লাগিব নিদিওঁ বুলি মন্তব্য কৰে ডিজিপি জি পি সিঙে।

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে টুইটত উল্লেখ কৰে, ‘‘ঘগ্ৰাপাৰ থানাৰ ঘটনাই মোক অতিকৈ আশাহত আৰু মৰ্মাহত কৰিছে। থানা হৈছে আৰক্ষীৰ মন্দিৰ, জনতাৰ নিৰাপদ আশ্ৰয়। এজন পৰিদৰ্শকে সমগ্ৰ অসম আৰক্ষীকেই কলংকিত কৰিলে।’’

অসম আৰক্ষীৰ ভাৱমূৰ্তি ম্লান কৰা এইগৰাকী বিমান ৰয় পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল। ২০১৭ চনৰ মে’ মাহত বকো থানাৰ পৰা ট্ৰাক মোকলাই দিয়াৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল বিমান চন্দ্ৰ ৰয়। ৫০ হাজাৰ টকা দাবী কৰিছিল বিমান চন্দ্ৰ ৰয়ে আৰু ১০ হাজাৰ টকা উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল বিমান চন্দ্ৰ ৰয়ক। বিমান ৰয়ৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰি ডিজিপি জি পি সিঙে।

আনহাতে, ঘগ্ৰাপাৰ থানাৰ SI বিশাল কাশ্যপক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। ঘগ্ৰাপাৰ আৰক্ষী থানাত নিযুক্তি দিয়া হৈছে নতুন OC। নিৰ্মল বিশ্বাসক ঘগ্ৰাপাৰ আৰক্ষী থানাৰ নতুন OC হিচাপে নিযুক্তি দিয়া হৈছে।