নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে হঠাতে উপস্থিত হল মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্ত।
উপাচাৰ্য প্ৰহ্লাদ যোশীয়ে পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ শিক্ষকক অপদস্থ কৰাৰ প্ৰতিবাদ আৰু পানীৰ সমস্যাকে ধৰি অন্যান্য সমস্যা সমাধান আৰু দৰমহাৰ বৈষম্য দূৰ কৰাৰ দাবীত প্ৰতিবাদ মুখৰ হৈ আছিল বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী।
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ যোশীয়ে শিক্ষকৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক চলোৱা ধমকি দিয়াৰ অভিযোগো উত্থাপন কৰিছিল প্ৰতিবাদকাৰী শিক্ষকে। বিশ্ববিদ্যালয়ৰ সমস্যাৰ কথা কলেই খৰ্গহস্ত হৈ পৰে উপাচাৰ্য প্ৰহ্লাদ যোশী। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা বিশ্ববিদ্যালয় খনত খোৱা পানীৰ অভাৱৰ লগতে প্ৰস্বাগাৰ শৌচাগাৰত পানীৰ সমস্যাই দেখা দি আহিছে।পানীৰ অভাৱত ভয়ানক সমস্যাত পৰিছে শিক্ষক ছাত্ৰ-ছাত্ৰী। একেদৰে শিক্ষকৰ দৰমহাৰ বিসঙ্গতি দূৰ কৰাৰো দাবী উত্থাপন কৰি আহিছিল প্ৰতিবাদকাৰী শিক্ষকে। আৰু ইয়াৰ মাজতেই আজি এইদৰে মুখ্যমন্ত্ৰীৰ শৈক্ষিক উপদেষ্টা ননীগোপাল মহন্তই বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ সমস্যাৰ বুজ লোৱাৰ লগতে দুয়ো পক্ষক সমিলমিলেৰে কাম কাজ চলাই যাবলৈ আহ্বান জনায় ননী গোপাল মহন্তই।