নলবাৰীত অতি শীঘ্ৰেই মুকলি হ’ব ইয়াৰ প্ৰথমখন উৰণীয়া সেতু। ইতিমধ্যে নলবাৰী হৰিমন্দিৰৰ সমীপত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে। প্ৰায় ৪৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য ৪৬৫ মিটাৰ। ডিডি শৰ্মা নিৰ্মাণ কনষ্ট্ৰাকচনে ২০১৯ চনৰ জুলাই মাহত সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৷
২০১৭ চনৰ মাৰ্চ মাহত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰী ৰে’লৱে ক্ৰচিঙত নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷