এদিনীয়া ভ্ৰমনসূচীৰে নলবাৰীলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জিলাখনত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ।
নলবাৰীত পোনতে কোচ ৰাজবংশীৰ এক সভাত উপস্থিত হৈ সমুহ ৰাইজক শুভেচ্ছা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
নলবাৰীৰ প্ৰথমখন উৰণ সেতু মুকলি কৰাৰ পিছতে নলবাৰী মেডিকেল কলেজলৈ এ এছ টি চিৰ চিটি বাছ মুকলি কৰে ।
উক্ত অনুষ্ঠানৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে পোনে পোনে সোণপুৰ স্থিত নৱ নিৰ্মিত নলবাৰী জিলা বিজেপি কাৰ্যালয়টো শুভ উদ্বোধন কৰে ।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰী গৰ্ডন খেলপথাৰত আয়োজিত জল জীৱন সন্মিলনত উপস্থিত হয় । এই অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰী জিলাৰ কেবাটাও নতুন প্ৰকল্পৰ কথা ঘোষণা কৰে ।
উল্লেখযোগ্য যে দিনযোৰা কাৰ্য্যসূচীৰে নলবাৰীতে অতিবাহিত কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ইয়াৰে নলবাৰীৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা প্ৰথমখন উৰণীয়া সেতু প্ৰজ্ঞা সেতু নামেৰে নামাকৰণ কৰে ।
এই সেঁতুখনৰ দৈঘ্য ৪৬৭.২৪ মিটাৰ আৰু ইয়াৰ প্ৰস্থ ৭.৫ মিটাৰ । জিলাখনত যান-যঁট দূৰ কৰাৰ ক্ষেত্ৰত এই উৰণীয়া সেঁতুখন অতিকৈ প্ৰয়োজনীয় আছিল । সেঁতুখনত নিৰ্মাণত ব্যয় হৈছে ৫৪.২৯ কোটি টকা ।
উল্লেখযোগ্য যে শনিবাৰৰ দিনাই নলবাৰীৰ দ্ৰুত বিকাশ আৰু উন্নয়নত সহায়ক হোৱাকৈ ১৬৪. ১৪ কোটি টকীয়া কেইবাটাও প্ৰকল্প আধাৰশিলা স্থাপন কৰে । এই ভ্ৰমনতে মুখ্যমন্ত্ৰীয়ে জল জীৱন মিছনৰ অংশীদাৰী গাঁৱৰ ৰাইজ, পানী উপভুক্তা কমিটিৰ সদস্য, জলমিত্ৰ, জলদোত, গাওঁ পঞ্চায়তৰ সদস্য, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ প্ৰতিনিধিক সামৰি প্ৰথমখন জলজীৱন সন্মিলনতো অংশ লয় ।
ড০ শৰ্মাই নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০০০খন আসনযুক্ত এটা প্ৰেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰে । এই ভ্ৰমনতে ৩৮ কোটি টকা ব্যয় সাপেক্ষে এআই আইবি প্ৰকল্পৰ অধীনত ৪টা ৩৩/১১ কেবিৰ উপকেন্দ্ৰ, ১১.৫৫ কোটি ব্যয় সাপাক্ষ মথাউৰি পকীকৰণ আঁচনি, মুখ্যমন্ত্ৰী পকীপথ নবীকৰণ আঁচনি আৰু ১৫ টা মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ আধাৰশিলা ভাৰ্চুৱেলী স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ।
অহা অক্টোবৰৰ ভিতৰত ৰাজ্যৰ ৪০ লাখ পৰিযালক ৰেচন কাৰ্ড প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে । এই কাৰ্ড লাভ কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে বিনামূলীয়া চাউলৰ লগতে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব ।