নলবাৰীঃ নলবাৰীত শ্বহীদ মুকন্দ কাকুতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্য্যসূচী অনুস্থিত হয়।
বিভিন্ন সময়ত শ্বহীদ মুকুন্দ কাকুতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে।
শ্বহীদ মুকুন্দ কাকুতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা অক্ষুন্ন ৰখাৰ দাবীত পুনৰ সোমবাৰে মানৱ শৃংখল শীৰ্ষক কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।
নলবাৰী চহৰৰ বাটাৰ চকত শতাধিক ৰাইজৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।
শ্বহীদ মুকুন্দ কাকুতি অসামৰিক চিকিৎসালয় আগৰে দৰে বাহাল ৰখাৰ বাবে বিভিন্ন ধৰনৰ শ্লোগান দি প্ৰতিবাদী ৰাইজে আকাশ বতাহ কপাই তোলে।
ইপিনে উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত নলবাৰীৰ প্ৰতিবাদী কণ্ঠ ৰূপে পৰিচিত জ্ঞানেন চক্ৰৱৰ্তী, দিব্যজ্যোতি হালৈৰ লগতে আন আন উদ্যোক্তা সকলে তীক্ষ্ণ সমালোচনা কৰা পৰিলক্ষিত হয়।