নলবাৰীত সংঘটিত হল এক ভয়ংকৰ ঘটনা। নিজৰেই সদ্যোজাত সন্তান আৰু পত্নীক বিক্ৰী কৰিলে এগৰাকী পাষণ্ডই। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিলে নিজৰেই দ্বিতীয়া পত্নীয়ে। গুৱাহাটীৰ দিছপুৰ হস্পিটেলতেই সদ্যোজাত সন্তানক বিক্ৰী কৰাৰ অভিযোগ। নলবাৰীৰ বৰভাগত সংঘটিত হল এই কুকাণ্ড।
নলবাৰীত সংঘটিত হল মানব সমাজক লজ্জানত কৰা এক ভয়ঙ্কৰ ঘটনা। পলমকৈ পোহৰলৈ আহিল এই কুকাণ্ড। নিজৰেই পত্নী পুত্ৰক বিক্ৰী কৰিলে পাষণ্ড স্বামীয়ে। দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতীৰ জীৱনক লৈ হেতালি খেলিলে এই গৰাকী পাষণ্ডই।
এইজন নলবাৰীৰ পূৱ অৰৰাৰ মানৱেন্দ্ৰ ভৰালী। সাজ-সজ্জ্বাৰে বেছ ভদ্ৰলোক যেন লগা এওঁ পিছে এজন লম্পটহে। এসময়ত শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত এইজন মানৱেন্দ্ৰ ভৰালীৰ কাণ্ড শুনিলে ঘৃণা আৰু ক্ষোভত নাক কোচ খাব সকলোৰে। লম্পট মানৱেন্দ্ৰই বন কৰা যুৱতী হিচাপে নিজ গৃহত নিয়োগ কৰিছিল সমীপৱৰ্তী গাঁৱৰে একেবাৰে দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতীক। কাম কৰাবলৈ নি লম্পট মানৱেন্দ্ৰই যুৱতীগৰাকীৰে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰি অন্তঃসত্বা কৰে। পিছত এই কু-কাৰ্য পোহৰলৈ অহাত স্থানীয় ৰাইজে বিচাৰ কৰি এই যুৱতীগৰাকীক বিয়া পাতিবলৈ বাধ্য কৰায় লম্পট মানৱেন্দ্ৰক।
সামাজিকভাৱে ২০২১ চনৰ ১৯ ডিচেম্বৰত সম্পন্ন হয় দুয়োৰে বিবাহ। যুৱতী গৰাকীক ৰাইজৰ উপস্থিতিত লম্পট মানৱে দ্বিতীয় পত্নী হিচাপে স্বীকৃতি দি লৈ যায় নিজ গৃহলৈ।
পিছে এই বিয়াৰ পিছতে এই গৰাকী পাষণ্ডই কৰিলে আন এক লোমহৰ্ষক জঘন্য কাৰ্য। অভিযোগমতে পত্নীৰ মৰ্যদা দিয়া যুৱতীগৰাকীক ঘৰলৈ নিয়াৰ পৰিৱৰ্তে নলবাৰী চহৰৰ এঘৰত কেইদিন মান ৰখাৰ পিছত দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰাই পূৰ্বে বিবাহিত মানৱেন্দ্ৰই। আৰু এই দিছপুৰ পলিক্লিনিকতে এটি সন্তান প্ৰসৱ কৰাৰ পিছতে সন্তানটি লম্পট মানৱেন্দ্ৰই হস্পিতালতে বিক্ৰী কৰাৰ অভিযোগ দ্বিতীয় পত্নীৰ।
আনহাতে সদ্যোজাত কেঁচুৱাটো মৃত বুলি কৈ হস্পিতালৰ পৰা মোকোলাই পত্নীকো নগাঁওৰ জনৈক মনোজ কুমাৰ নাথৰ ওচৰত বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰিলে দ্বিতীয়া পত্নীয়ে। এহাজাৰত উল্লেখ কৰিলে এই কথা। প্ৰায় দুবছৰ ধৰি নগাঁওৰ মনোজ কুমাৰ নাথৰ ঘৰত বন কৰা মহিলা হিচাপে থকা যুৱতীগৰাকীয়ে তাৰ পৰা পলাই আহি নিজ গৃহত উপস্থিত হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনাটো।
ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী যুৱতী গৰাকীয়ে নলবাৰী সদৰ আৰক্ষী থানাত দাখিল কৰিছে এক গোচৰ। অৱশ্যে ঘটনাৰ স্থান দিছপুৰ পলিক্লিনিক হোৱা হেতু নলবাৰী আৰক্ষীয়ে জিৰ’ এফ আই আৰ লিখি প্ৰেৰণ কৰিছে দিছপুৰ আৰক্ষী থানালৈ।
এই কু-কাৰ্যই জোকাৰিছে নলবাৰীৰ বৰভাগ। ন্যায় বিচাৰি হাহাকাৰ কৰিছে এই গৰাকী দৰিদ্ৰ ঘৰৰ দুৰ্ভগীয়া যুৱতীয়ে। টকা খৰচ কৰিব নোৱাৰা এই গৰাকী দুৰ্ভগীয়া যুৱতীৰ অভিযোগক গুৰুত্ব দিবনে আৰক্ষীয়ে। এতিয়া স্থানীয় ৰাইজৰ দাবী লম্পট মানৱেন্দ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে ন্যায় দিয়ক দূৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটিক।