নলবাৰীঃ নলবাৰীৰ সতীৰকুৰ দলঙৰ সমীপত ভয়ংকৰ ঘটনা।
নিচাযুক্ত দ্ৰব্য খুৱাই লুটিলে বৃহৎ পৰিমাণৰ ধন আৰু সা-সামগ্ৰী ৷
পথৰ দাঁতিত অচেতন অৱস্থাত উদ্ধাৰ হৈছে যুৱ ব্যৱসায়ী ৰিতু বৰ্মন।
দুৰ্বৃত্তই লুটপাত চলাই পেলাই থৈ গ’ল পথৰ দাঁতিত৷
নলবাৰীৰ কাপলাবড়িত ঘৰ ব্যৱসায়ী ৰিতু বৰ্মনৰ৷
কালি সন্ধিয়াৰে পৰা সংযোগ বিচ্ছিন্ন হৈ আছিল ৰিতু বৰ্মনৰ সৈতে ৷
মূৰ্মুষু অৱস্থাত উদ্ধাৰ হোৱা যুৱ ব্যৱসায়ীগৰাকী ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত৷
নগদ ধনৰ লগতে ব্যৱসায়ী গৰাকীয়ে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখনো দুৰ্বৃত্তই লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ৷
ঘটনা সন্দৰ্ভত তৎপৰতাৰে তদন্ত আৰম্ভ কৰিছে বেলশৰ আৰক্ষীয়ে৷