নলবাৰীত জিলা প্ৰশাসন আৰু জিলা সামাজিক বনানিকৰণ সংমণ্ডলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন।

নলবাৰীত জিলা প্ৰশাসন আৰু জিলা সামাজিক বনানিকৰণ সংমণ্ডলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন।

আজি ৫ জুন, অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস। নলবাৰী জিলাৰ নাট্য মন্দিৰ প্ৰাঙ্গনত জিলা প্ৰশাসন আৰু জিলা সামাজিক বনানিকৰণ সংমণ্ডলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।

এইবেলি পৰিৱেশ দিৱসত বিশেষকৈ “প্লাষ্টিক এৰক, পৃথিৱী গঢ়ক” শীৰ্ষক লক্ষ্যৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। সেয়ে অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে এক সজাগতামূলক বাটৰ নাটো প্ৰদৰ্শন কৰা হয়।

ইয়াৰোপৰি, বিশিষ্ট ব্যক্তি সকলৰ বক্তব্যৰে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত গীতিমনি ফুকন, অতিৰিক্ত উপায়ুক্ত চয়নীকা ঠাকুৰীয়া, জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া, নলবাৰী ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) মৃণাল হালৈ, জনসংযোগ বিষয়া চুম্পি চুতীয়া, শিক্ষাবিদ সঞ্জীৱ গোস্বামীকে প্ৰমুখ্য কৰি কেইবা গৰাকী বিশিষ্ট লোক আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল ।