নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিলে ছেংগুল…

দেওবাৰে মুকলি কৰা হ’ল নতুন সংসদ ভৱনৰ । প্ৰধানমন্ত্ৰী মোডীয়ে নৱ নিৰ্মিত সংসদ ভৱনৰ মুকলি কৰে । ইতিমধ্যেই প্ৰধানমন্ত্ৰী মোডীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতত স্থাপন কৰে ছেংগুল ।

ছেংগুল হৈছে ভাৰতৰ ক্ষমতাৰ ৰাজদণ্ড । ব্ৰিটছৰ পৰা নিজৰ হাতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰুৱে ৰাজদণ্ড লাভ কৰিছিল ।

পিছত এই ৰাজদণ্ড এলাহাবাদ যাদুঘৰত সংৰক্ষিত কৰি থোৱা হৈছিল । আৰু কিছুদিনৰ পূৰ্বে নতুন সংসদৰ লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষত প্ৰতিষ্ঠা কৰিবৰ বাবে এই ৰাজদণ্ড দিল্লীলৈ অনা হৈছিল । আৰু আজি মাংগলিক নীতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ছেংগুল প্ৰতিষ্ঠা কৰিছে । ১৯৪৭ চনতে নিৰ্মাণ কৰা এই ছেংগুল পাঁচ ফুট দৈঘ্যৰ।