নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে পুনৰ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জিলা কৰ্মচাৰী পৰিষদে

শিৱসাগৰত চৰকাৰী কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ।

নতুন পেঞ্চন নীতিৰ অন্তৰ্গত কৰ্মচাৰীয়ে চৰকাৰক বন্ধি দিলে সময়সীমা।

২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুৰণি পেঞ্চন নীতি বলবৎ নকৰিলে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ কৰ্মচাৰী সকলৰ।

ৰাজস্থান, চিকিম আদি ৰাজ্যত বিজেপি বিৰোধী চৰকাৰ অহাৰ লগে লগে পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰিছে। অসমত কিয় সেয়া সম্ভৱ নহয় বুলি চৰকাৰলৈ প্ৰশ্ন ক্ষোভিত কৰ্মচাৰীৰ। নতুন পেঞ্চন নীতিৰ আওতাত থকা কৰ্মচাৰীৰ লগতে পুৰণি পেঞ্চন নীতিৰ আওতাত থকা সকলেও এইবাৰ এই সমস্যা সমাধান নকৰিলে শাসনত থকা চৰকাৰৰ বিপৰীতে ভোট দিয়াৰ হুংকাৰ দিছে।

আজি নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে পুনৰ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জিলা কৰ্মচাৰী পৰিষদে।

পুৰণি পেঞ্চন নীতি বাহাল ৰখা আৰু নতুন পেঞ্চন নীতি বাতিলৰ দাবীত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্মচাৰী পৰিষদে।

অসম চৰকাৰৰ দুই শতাধিক কৰ্মচাৰীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি কৰ্মচাৰী সকলৰ ভৱিষ্যত সুৰক্ষিত কৰক, এন পি এছ বাতিল কৰক, আমাৰ দাবী মানি লওঁক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে।

উল্লেখযোগ্য যে নতুন পেঞ্চন নীতিৰ বাবে অৱসৰৰ পিছত চৰকাৰী কৰ্মচাৰী সকলৰ ভৱিষ্যত অন্ধকাৰচন্ন হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।এই নতুন পেঞ্চন নীতিৰ বাবে অৱসৰৰ পাছত কোনো কৰ্মচাৰীয়ে হয়তো লাভ কৰিব মাহে ১০০০ টকা অথবা ৫০০ টকা।

নতুন পেঞ্চন নীতিৰ ফলত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰাৰ লগতে অতি অভাৱ অনাটনৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে কৰ্মচাৰী সকলে।