ধেমাজি বোমা বিস্ফোৰণত অভিযুক্ত সকলক উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ

শিৱসাগৰঃ ২০১৪ চনৰ ১৫ আগষ্টৰ ধেমাজি বোমা বিস্ফোৰণত অভিযুক্ত সকলো অভিযুক্তকে উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

অসম আৰক্ষীৰ এই ব্যৰ্থতাক criminal offence আখ্যা দিয়ে বিধায়ক গৰাকীয়ে।

অসম আৰক্ষীয়ে সঠিক ৰূপত চাৰ্জশ্বীট নিদিয়া বাবেই আৰু সূক্ষ্মভাৱে তদন্ত নকৰাৰ বাবেই আদালতে অভিযুক্ত সকলক দোষ মুক্ত ঘোষণা কৰিব লগা হয় বুলি ক্ষোভ প্ৰকাশ কৰিছে অখিল গগৈয়ে।

অসম আৰক্ষী মানৱতাৰ ওচৰত দোষী সাব্যস্ত হোৱা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে।

অসম আৰক্ষীয়ে, অসমৰ গৃহ বিভাগে অক্ষমনীয় অপৰাধ কৰা বুলি ক্ষোভ প্ৰকাশ অখিল গগৈৰ।

বিজেপি চৰকাৰৰ দিনতে বৰ্বৰ হত্যাকাণ্ডত জড়িত, কেলেংকাৰীত জড়িত দোষী সকলে ৰেহাই পোৱাত সুবিধা কৰি দিয়া বুলিও অভিযোগ ।

ধেমাজি বোমা বিস্ফোৰণ সন্দৰ্ভত অসম চৰকাৰক উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈও দাবী অখিল গগৈৰ।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ডি জি পি জি পি সিঙকো কঠোৰ সমালোচনা অখিল গগৈৰ।