ধুহিবালা গাওঁ পঞ্চায়তৰ অন্তৰ্গত লৰমা গৌৰহাটীত হিন্দু-মুছলমানৰ সমন্বয়ৰ নিদৰ্শন

বাহাৰঘাটঃ ধুহিবালা গাওঁ পঞ্চায়তৰ অন্তৰ্গত লৰমা গৌৰহাটীত সমন্বয়ৰ নিদৰ্শন৷৷

হিন্দুৰ মৃতদেহ সৎকাৰত ইছলাম ধৰ্মী লোকৰ সম্পূৰ্ণ সহযোগ৷ত

গাওঁখনৰ ২৮২ টা পৰিয়ালৰ মাজত এটাই আছিল হিন্দু পৰিয়াল৷

হিন্দু পৰিয়ালটোৰ মুৰব্বী কাননগু দাসৰ পত্নী মিনো দাসৰ দেওবাৰে আবেলি মৃত্যু হৈছিল৷

পত্নীৰ মৃত্যুত উপায়ন্তৰ হৈ পৰিছিল স্বামী কাননগো দাস, কেনেকৈ সৎকাৰ কৰে পত্নীৰ মৃতদেহ৷

অৱশেষত আজি ওলাই আহিল বৃহত্তৰ ধুহিবালাৰ লগতে লৰমা গৌৰহাটীৰ ইছলাম ধৰ্মী ৰাইজ৷

প্ৰত্যেকে হাতে হাতে বাহ খেৰ লৈ উপস্থিত হ’ল বৰলীয়া নৈৰ পাৰত৷ সৎকাৰ কৰিলে মিনো দাসৰ নশ্বৰদেহ৷

এয়াই বৰ অসমৰ ভাতৃত্ববোধ সুন্দৰ চানেকি৷ গাওঁবাসীয়ে মিনো দাসৰ সৎকাৰে নহয় সকাম নিকামতো সহায় কৰিব বুলি জানিব দিছে৷ লগতে কোনো হৃদয়বান লোকে সহায় কৰিব বিছাৰিলে সহায় কৰিবলৈ আহ্বান জনাইছে ইছলাম ধৰ্মী ভাই বন্ধু সকলে৷