ধিক শিক্ষা বিভাগঃ ২০১৮ চনতে এম ই বৃত্তি পৰীক্ষা দি উত্তীৰ্ণ হৈ আজি পৰ্য্যন্ত লাভ নকৰিলে স্ক’লাৰশ্বীপৰ ধন

শিৱসাগৰঃ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ৩৬ গৰাকীৰো অধিক মেধাৱী ছাত্ৰীক চৰম প্ৰৱঞ্চনা কৰিছে শিক্ষা বিভাগে ।

২০১৮ চনতে এম ই বৃত্তি পৰীক্ষা দি উত্তীৰ্ণ হৈছিল যদিও আজি পৰ্যন্ত ছাত্ৰী সকলে লাভ নকৰিলে স্ক’লাৰশ্বীপৰ ধন তথা ১০ হেজাৰ টকীয়া চেক।

অসম চৰকাৰৰ শিক্ষা সঞ্চালকালয়ৰ কৰ্তৃপক্ষই ২০২০-২১ চনতে উক্ত ছাত্ৰী সকলৰ নামত ধন তথা চেক্ মোকলাই দিলে যদিও আজি পৰ্যন্ত পৰীক্ষাৰ্থী সকলৰ হাতত নপৰিল।

প্ৰাপ্য স্কক’লাৰশ্বীপৰ পৰা বঞ্চিত হোৱাত বৰ্তমান ছাত্ৰী সকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ বাবে অনুমোদিত ধন ক’ত কোনে হৰলুকি কৰিলে, কাৰ ভুলৰ বাবে লাভ নাইকৰা উচিত তদন্তৰ দাবী তুলিছে।

প্ৰাপ্য স্কক’লাৰশ্বীপৰ পৰা বঞ্চিত হৈ শিক্ষা বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে গৈছে যদিও কোনো সুফল নাপালে।

অনাগত দিনত এইসকল এম ই বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰীৰ প্ৰাপ্য স্কক’লাৰশ্বীপৰ ধন অসমৰ শিক্ষা বিভাগে আদায় দিব নে নিদিয়ে সেয়া লক্ষ্যণীয় হ’ব।