ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰস্তৰ বিপজ্জনকভাৱে বৃদ্ধি

বছৰৰ প্ৰথমটো বানৰ কবলত অসম । বিগত কেইবাদিনৰে পৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বানৰ সমান্তৰালভাৱে দেখা গৈছে গৰাখহনীয়াৰ তাণ্ডৱ ৷ ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে ।

জলস্তৰ বাঢ়ি অহাৰ ফলত অসমত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছে। বৰষুণৰ ফলত ১০ খন জিলাৰ নতুন নতুন অঞ্চল প্লাবিত হৈছে আৰু ৩৭,০০০ ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি, লখিমপুৰ, দৰং, হোজাই, নগাঁও, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি এই বছৰৰ প্ৰথমটো বানৰ ফলত ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত আছে।

উজনি অসমৰ লখিমপুৰ জিলাত সৰ্বাধিক ২৫,২৭৫ জন লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে, তাৰ পিছত ডিব্ৰুগড়ত ৩,৮৫৭ জন আৰু উত্তৰ অসমৰ শোনিতপুৰ জিলাৰ বিশ্বনাথ উপ-সংমণ্ডলত ৩,৬৩১ জন লোক ক্ষতিগ্ৰস্ত হৈছে।

ইফালে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই জনস্বাস্থ্যৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত সভাপতিত্ব কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীজনে শনিবাৰে স্বাস্থ্য বিভাগৰ বিষয়াসকলক অসমৰ বানপানীৰ সময়ত হব পৰা যিকোনো পৰিস্থিতিৰ বাবে স্বাস্থ্যবিভাগক জৰুৰীকালীন অৱস্থাৰ ব্যৱস্থাপনা নিশ্চিত কৰাৰ লগতে বিচনা, অক্সিজেন আৰু অন্যান্য স্বাস্থ্যৰ সা-সুবিধাৰ গুৰুত্বপূৰ্ণ তথ্য তালিকাভুক্ত কৰি এখন অনলাইন ডাটাবেচ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।

ৰাজ্য চৰকাৰেও বানাক্ৰান্ত লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰী আৰু চিকিৎসা সাহায্য প্ৰদান কৰি আছে।

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নলবাৰীৰ পশ্চিম অঞ্চলত মৰা পাগলাদিয়া নৈয়ে পুনৰ এটা পথ ছিগি নিয়াৰ ফলত বিলাই বিপত্তি নোহোৱা হৈছে বহু পৰিয়ালৰ।

নলবাৰী জিলাৰ কৈঠালকুছিৰ নাকেৰবাৰীত শুক্ৰবাৰে পুনৰ মৰাপাগলাদিয়াৰ বাঢ়নী পানী পথৰ ওপৰেৰে বাগৰি যোৱাত স্থানীয় লোকসকলে বহু চেষ্টা কৰিও বান্ধটো ৰখাব নোৱাৰিলে। পথৰ ওপৰেৰে পানী বাগৰি পথছোৱা ছিগি নিয়াৰ ফলত বৃহত্তৰ অঞ্চলটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। যোৱা বছৰ নাকেৰবাৰীৰ গোপালথানৰ সমীপতে মৰা পাগলাদিয়াৰ সংহাৰী বানে ছিগি নিছিল পথছোৱা। ফলস্বৰূপে নাকেৰবাৰী, মাজকুছি, সোণোৰা, ভাগৱতীপাৰা, বৰবৰা, নদলা আদি গাওঁ ক্ষতিগ্ৰস্ত হৈছে।

সেইদৰে বছৰৰ প্ৰথমটো বানৰ কবলত চাবুৱা ৷ নেৰানেপেৰা বৰষুণৰ ফলত বিন্ধাকটা মুলুক গাঁৱত প্ৰৱল গৰাখহনীয়াত হাহাকাৰ গাওঁবাসীৰ ৷বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে চাবুৱা । বিগত কেইবাদিনৰে পৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বানৰ সমান্তৰালভাৱে দেখা গৈছে গৰাখহনীয়াৰ তাণ্ডৱ ৷ চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱৰ জিঅ’ বেগস্থলীত এতিয়া আৰম্ভ হৈছে প্ৰৱল গৰাখহনীয়া ৷
বিন্ধাকটাত জিঅ’বেগৰ স্থলীত ব্ৰহ্মপুত্ৰ আৰু চিয়াং নদীৰ প্ৰৱল সোঁতৰ বাবে আৰম্ভ হৈছে খহনীয়া ৷ ইতিমধ্যে এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে যৎপৰোনাস্তি চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷

আনহাতে, কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাই অহাৰ সময়তে আজি পুৱা ৰহা সমষ্টিৰ অৰ্ন্তগত কামপুৰ গোসাঁই গাঁৱত কপিলীৰ বাঢ়নী পানীয়ে প্ৰেমজান বান্ধটোৰ বৃহৎ অংশ খহাই নিয়াৰ ফলত কপিলীপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে। মথাউৰিটোৰ প্ৰায় দহমিটাৰমান অংশ খহাই নিয়াত প্ৰায় পঞ্চাশখন গাঁও জলমগ্ন হৈ পৰাটো নিশ্চিত হৈ পৰিছে।

অৱশ্যে এই ঘটনাৰ খবৰ পাই আজি দুপৰীয়া ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, কঠীয়াতলী উন্নয়ন খণ্ডৰ জেষ্ঠ উন্নয়ন খণ্ড বিষয়া শ্বেতপদ্মা শৰ্মা, কামপুৰ ৰাজহ চক্ৰ বিষয়া অন্যন্য লহকৰসহ সংশ্লিষ্ট বিষয়াই খহাই নিয়া বান্ধটো পৰিদৰ্শন কৰে। বানাক্ৰান্ত ৰাইজে এই বান্ধটোৰ নিৰ্মাণ কাৰ্য কঠীয়াতলী উন্নয়ন খণ্ডই সময়মতে নকৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে।