ধমধমা আঞ্চলিক কলেজত অনা – শিক্ষক কৰ্মচাৰীৰ কৰ্মবিৰতি

ধমধমা আঞ্চলিক কলেজত অনা – শিক্ষক কৰ্মচাৰীৰ কৰ্মবিৰতি।

ধমধমাঃ অসম চৰকাৰে ২০২১ চনত ৰাজ্যৰ ৩৩ খন স্নাতক মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰিছিল যদিও এই মহাবিদ্যালয়কেইখনৰ অনা-শিক্ষক কৰ্মচাৰী সকলৰ চাকৰি আজিলৈকে নিয়মীয়া কৰাৰ ব্যৱস্থা কৰা নাই । ৰাজ্য চৰকাৰৰ এনে প্ৰবঞ্চনাৰ বিৰুদ্ধে অসম স্নাতক মহাবিদ্যালয় অনা – শিক্ষক কৰ্মচাৰী সন্থাই যোৱা পাঁচ চেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে ।

সন্থাৰ আহ্বানমৰ্মে ধমধমা আঞ্চলিক কলেজৰ অনা শিক্ষক কৰ্মচাৰী সকলেও মহাবিদ্যালয় চৌহদত তিনিদিনীয়া কৰ্মবিৰতি পালন কৰে ।