ধমধমাৰ তেল ডিপোত অগ্নিকাণ্ডঃ ৰাইজৰ তৎপৰতাত ৰক্ষা

ধমধমাঃ ধমধমাত থকা ভাৰত পেট্ৰোলিয়ামৰ তেল ডিপোত সংঘটিত হয় এক অগ্নিকাণ্ড। ৰাইজৰ তৎপৰতাত অধিক ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰিল ভাৰত পেট্ৰোলিয়ামৰ তেল ডিপোটো। জানিব পৰা মতে কালি সন্ধিয়া প্ৰায় ৬.২০ বজাত চৰিফুল হকৰ মালিকনাধীন তেল ডিপোটোৰ ডি জিটো হঠাতে প্ৰচণ্ড শব্দ কৰি জ্বলি উঠে।

এনেদৰে ডি জিটো দাও দাও কৈ জ্বলি উঠাত তেল ভৰ্ত্তি ডিপোটো বচাবলৈ স্থানীয় একাংশ ৰাইজ আগবাঢ়ি আহে। ৰাইজে বহু সময় ধৰি বালি আৰু পানীৰে জুই নুমুৱাবলৈ চেষ্টা কৰাৰ অন্তত জুই নিৰ্বাপিত হয় যদিও ডি জিটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

পিচত অৱশ্যে অগ্নি নিৰ্বাপক বাহিনী আৰু ধমধমা আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় ৰাইজৰ তৎপৰতাৰ বাবেই তেল ডিপোৰ ৰক্ষা পৰে যদিও ডি জিসহ প্ৰায় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়।