স্বাধীনতা দিৱস উপলক্ষে “হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি বড়িগোগ বনভাগ মণ্ডললে আজি ধমধমা দুৰ্গা মন্দিৰৰ প্ৰাংগণৰ পৰা নলবাৰী গৰ্ডন খেলপথাৰলৈ এক বিশাল বাইক ৰেলী উলিয়ায় ।
বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ দুই শতাধিক কৰ্মীয়ে অংশ লোৱা এই বাইক ৰেলী উদ্বোধন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়া ।
এই বাইক ৰেলীৰ নেতৃত্বত প্ৰদান কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা আৰু সাধাৰণ সম্পাদক বিজয় বৰ্মনে ।