ধমধমাত এন আৰ ডি এছ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা

নলবাৰী: ধমধমাৰ এন আৰ ডি এছ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে আজি ধমধমাত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় ।

নলবাৰী জিলা এবছু প্ৰাক্তন সভাপতি ৰাজু বড়োয়ে উদ্বোধন কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত দুই শতিধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ।

এন আৰ ডি এছ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ বাকৰি পৰা ধমধমা আৰক্ষী চকীৰ সমুখেৰে ফুলগুৰিৰে যোৱা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি- জনগোষ্ঠীৰ কৃষ্টি – সংস্কৃতি তুলি ধৰা হয় ।