ধমধমাঃ ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই যোৱাকালি অঞ্চলটোৰ কৃতী ছাত্ৰ -ছাত্ৰীসকলক অভিনন্দন জনায়। এই উদ্দেশ্যে ধমধমা আঞ্চলিক কলেজত ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ অঞ্চলটোৰ ৮৫ গৰাকী কীৰ্তিমানক অভিনন্দন জনোৱা হয়।
নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে উদ্বোধন কৰা অভিনন্দন অনুষ্ঠানত আদৰণি বক্তব্য আগবঢ়ায় ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অংকুৰ কুমাৰ দাসে ।
চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড⁰ কবিতা চৌধুৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ কংকনজ্যোতি শৰ্মা আৰু ধমধমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰোহিত কুমাৰ ছেত্ৰীয়েও অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে। দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক – অভিভাৱক উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মুস্তাক হুছেইন আৰু ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ডেনিম শৰণীয়াই ।