দৰিদ্ৰতাক নেউচি উজ্বলি উঠিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

ধমধমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ইয়াছমিন বেগমে দৰিদ্ৰতাক নেউচি উজ্বলি উঠিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

জয়তুন বিবিৰ কন্যা ইয়াছমিনে ৭৫ শতাংশ নম্বৰ লাভ কৰি ধমধমালৈ গৌৰৱ কঢ়িয়াই আনে ৷

মাতৃ জয়তুন বিবিয়ে ধমধমাৰ বজাৰত এখন ক্ষুদ্ৰ চাহ দোকান দিয়াৰ লগতে আনৰ ঘৰত দিনহাজিৰা কৰি পৰিয়ালটো পুহপাল দি আহিছে। সেয়ে কন্যাক দিব পৰা নাছিল কোনোধৰণৰ বিশেষ সা-সুবিধা ৷

ইয়াছমিন বেগমে তিনিটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগ উৰ্ত্তীৰ্ণ হয় ৷

ইয়াছমিন বেগমৰ সপোন বিজ্ঞান বিষয়ত পঢ়ি ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ ৷

ইয়াছমিন বেগমে ভঙা জুপুৰি বসবাস কৰি দেখুৱালে এই সফলতা ।

Leave a Reply

Your email address will not be published. Required fields are marked *