ইছৰোৱে শুকুৰবাৰে ২.৩৫ বজাৰ লগে লগে সফলতাৰে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিবলৈ সক্ষম হয় । চন্দ্ৰ অভিমুখে ৰাওনা ভাৰতৰ বহু প্ৰত্যাশিত চন্দ্ৰযান-৩ ।
দীৰ্ঘদিনীয়া প্ৰত্যাশাৰ অন্তত মহাকাশলৈ উৰা মাৰিলে ভাৰতৰ চন্দ্ৰযান-৩ । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে হেভিলিফ্ট এলভিএম৩-এম৪ ৰকেটৰ সহায়ত তৃতীয় চন্দ্ৰ অভিযানৰ চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰে ।
২৫.৩০ ঘণ্টাৰ কাউন্টডাউনৰ অন্তত, অতি গধুৰ আৰু বৃহৎ যাক ফেট বয় বুলিও জনা যায়, এলভিএম৩-এম৪ ৰকেটে দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা আবেলি ২.৩৫ বজাত এক পূৰ্বনিৰ্ধাৰিত সময়ত সফলতাৰে চন্দ্ৰযানক লৈ মহাকাশলৈ উৰা মাৰে ।
এই ঐতিহাসিক উৎক্ষেপণ চাবলৈ একত্ৰিত হোৱা হাজাৰ হাজাৰ দৰ্শকে এই মুহূৰ্তত আনন্দত মতলীয়া হৈ পৰা দেখা গৈছিল । ৰকেটটো মহাকাশলৈ উৰা মৰাৰ লগে লগে দৰ্শকে হাত চাপৰি দিয়াৰ লগতে চিঞৰি উঠিছিল ।
কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাই সংবাদ মাধ্যমৰ আগত কয়, “শ্ৰীহৰিকোটাত আমাৰ সকলোৰে বাবে এয়া সঁচাকৈয়ে এক গৌৰৱৰ মুহূৰ্ত যিটোৰ নিৰ্মাণত ইতিহাসৰ অংশ আছিল। ভাৰতক গৌৰৱান্বিত কৰাৰ বাবে ইছৰোক ধন্যবাদ আৰু শ্ৰীহৰিকোটাৰ দুৱাৰ খুলি আৰু ভাৰতৰ মহাকাশ খণ্ডক সক্ষম কৰি এইটো সম্ভৱ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাইছো।”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় চন্দ্ৰ অভিযানৰ শুভাৰম্ভৰ পিছত ইছৰোক অভিনন্দন জনাই কয়, “চন্দ্ৰযান-৩ য়ে ভাৰতৰ মহাকাশ অডিচীৰ এক নতুন অধ্যায় ৰচনা কৰিছে।”
তেখেতে লগতে উল্লেখ কৰে যে, ” আজি ভাৰতৰ মহাকাশ খণ্ডত নতুন অধ্যায়ৰ সৃষ্টি কৰিছে চন্দ্ৰযান-৩ য়ে। যিয়ে প্ৰতিজন ভাৰতীয়ৰ সপোন, আকাংক্ষাক নতুন উচ্চতালৈ লৈ গৈছে। চন্দ্ৰযান-৩ আমাৰ বিজ্ঞানীসকলৰ উৎসাহৰ প্ৰমাণ। তেওঁলোকৰ সাহস আৰু উদ্ভাৱনী দক্ষতাক প্ৰণাম জনাইছো।”
ভাৰতীয় মহাকাশ সংস্থাৰ এছ সোমনাথে কয়, ‘অভিনন্দন ভাৰত। চন্দ্ৰযান-৩, চন্দ্ৰৰ দিশে যাত্ৰা আৰম্ভ কৰিছে। ইছৰোৰ অধ্যক্ষই মিছন সঞ্চালক মোহন কুমাৰকে ধৰি সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰে।
অবশ্যে, ইছৰোৰ ‘চন্দ্ৰযান-৩’ক চন্দ্ৰত অৱতৰণ কৰোতে ১ মাহতকৈ অধিক সময় লাগিব। ২৩-২৪ আগষ্টত চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱণা আছে। ৬১৫ কোটি টকাৰ বিনিময়ত নিৰ্মাণ হৈ উঠা চন্দ্ৰযান-৩ অভিযানৰ প্ৰায় ৫০ দিন পাছত চন্দ্ৰমাৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব য’ত পানীৰ চিহ্ন পোৱা গৈছিল।
এইটো চন্দ্ৰলৈ ভাৰতৰ তৃতীয়টো অভিযান। ইয়াৰ পূৰ্বে চন্দ্ৰযান-২, ২০১৯ চনৰ ২২ জুলাইত উৎক্ষেপণ কৰা হৈছিল। কিন্তু ৬-৭ ছেপ্টেম্বৰত বিক্ৰম লেণ্ডাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল । অৱশ্যে, অৰ্বিটাৰে এতিয়াও চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে আৰু তথ্য প্ৰেৰণ কৰি আছে।
উল্লেখ্য যে, চন্দ্ৰপৃষ্ঠত মহাকাশযানৰ সফল অৱতৰণ আৰু বিচৰণত ভাৰতৰ সক্ষমতা প্ৰমাণ কৰাই হৈছে এই অভিযানৰ মূল লক্ষ্য। চন্দ্ৰযান-৩ অভিযানৰ মূল উদ্দেশ্য হৈছে চন্দ্ৰত নিৰাপদ অৱতৰণ, চন্দ্ৰপৃষ্ঠত ৰ’ভাৰৰ বিচৰণ ক্ষমতা প্ৰদৰ্শন কৰা আৰু স্থানীয়ভাৱে বৈজ্ঞানিক পৰ্যবেক্ষণ কৰা। লগতে চন্দ্ৰৰ পৃষ্ঠত উপলব্ধ ৰাসায়নিক আৰু প্ৰাকৃতিক মৌল, মাটি আৰু পানীৰ সন্ধান কৰি চন্দ্ৰৰ গঠনৰ বিষয়ে জ্ঞান উন্নত কৰাও এই অভিযানৰ লক্ষ্য।
আনহাতে সফল অভিযানে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পাছত বিৰল কৃতিত্ব অৰ্জন কৰা ভাৰতক চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰিব ।