দিল্লী-কামাখ্যামুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ লাইনচ্যুতঃ ৪ জন লোক নিহত,৭০ জনৰো অধিক আহত

ডিজিটেল ডেক্স: বিহাৰৰ বোক্সাৰ জিলাৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত বুধবাৰে নিশা দিল্লী-কামাখ্যা নৰ্থ ইষ্ট এক্সপ্ৰেছৰ ছয়টা ডবা ৰেলপথৰ পৰা ওলাই যোৱাৰ ফলত কমেও চাৰিজন যাত্ৰী নিহত হোৱাৰ লগতে প্ৰায় ৭০জনৰো অধিক লোক আহত হয়।

নিশা ৯:৫৩ বজাত ৰেলপথৰ পৰা নামি অহাত কমেও দুটা এচি তৃতীয় টিয়াৰৰ দবা উফৰি পৰাৰ বিপৰীতে আন চাৰিটা ডবায়ে ট্ৰেকত জপিয়াই পৰে। ইষ্ট চেণ্ট্ৰেল ৰেলৱে জ’নৰ মুখ্য জনসংযোগ বিষয়া বীৰেন্দ্ৰ কুমাৰে কয় যে ৰে’লখন বোক্সাৰ ষ্টেচনৰ পৰা আৰা অভিমুখে যোৱাৰ আধা ঘণ্টা নৌহওঁতেই এই দুৰ্ঘটনা সংঘটিত হয়।

২৩ টা কোচৰ ১২৫০৬ নৰ্থ ইষ্ট এক্সপ্ৰেছ খনে বুধবাৰে পুৱা ৭:৪০ বজাত দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছিল।

“ৰেলখন স্বাভাৱিক গতিতে আহি আছিল কিন্তু হঠাতে আমি এটা ডাঙৰ শব্দ শুনিছিলো আৰু ৰেলখনৰ পৰা ধোঁৱা ওলাই আহিছিল। কি হ’ল চাবলৈ আমি দৌৰি গৈছিলো। আমি দেখিছিলো যে ৰেলখন লাইনচ্যুত হৈছিল য’ত এচি ডবাবোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল,” সংবাদ সংস্থা পিটিআইৰ সন্মূখত স্থানীয় বাসিন্দা হৰি পাঠকে কয়।

বাক্সাৰ আৰক্ষী অধীক্ষক মনীষ কুমাৰে কয়, “ৰেলখন লাইনচ্যুত ৰঘুনাথপুৰ ষ্টেচনৰ ওচৰত সংঘটিত হৈছিল য’ত ৰেলখনত কোনো নিৰ্ধাৰিত ষ্টপেজ নাই।” কুমাৰৰ মতে, দুৰ্ঘটনাটোত চাৰিজন যাত্ৰীৰ মৃত্যু হৈছিল। ৰে’লৱে আৰক্ষী বাহিনীৰ এজন বিষয়াই কৈছিল যে কমেও ৭০ জন যাত্ৰী আহত হৈছে আৰু স্থানীয় চিকিৎসালয়লৈ স্থানান্তৰিত হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ পাটনাৰ এইমছলৈ লৈ যোৱা হৈছে।

উল্লেখযোগ্য যে ৰে’লখনত অধিকাংশই অসমৰ যাত্ৰী থকা বুলি জানিব পৰা গৈছে। কামাখ্যা জংচনত ৫২২ গৰাকীকৈ যাত্ৰী নামিব লগা আছিল। নিশাই গুৱাহাটীৰ পৰা ঘটনাস্থলীলৈ ৰাওনা হৈছিল এখন উদ্বাৰকাৰী বিশেষ ৰে’ল। এই ৰে’লখন আজি বিয়লিভাগত কামাখ্যা জংচনত উপস্থিত হ’ব।

ইফালে ঘটনাস্থলীত চলি আছে উদ্ধাৰ অভিযান। ৰে’ল বিভাগে ইতিমধ্যে মুকলি কৰিছে সহায়ক নম্বৰ। নম্বৰ কেইটা হৈছে ৯৭৭১৪ ৪৯৯৭১, ৮৯০৫৬ ৯৭৪৯৩। আনহাতে অসমৰ যাত্ৰীসকলৰ বাবেও বিশেষভাৱে মুকলি কৰা হৈছে সহায়ক নম্বৰ। নম্বৰটো হৈছে ০৩৬১ ২৬৭৪৮৫৭ এই নম্বৰযোগে যোগাযোগ কৰিব পাৰিব বুলি ৰে’ল বিভাগে জনাইছে।

আনহাতে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে এক বিবৃতি জাৰি কৰি কয় যে দুৰ্যোগ ব্যৱস্থাপনা আৰু স্বাস্থ্য বিভাগসমূহক যিমান সম্ভৱ সিমান ততকালীন দ্ৰুততম সাম্ভাব্য সাহায্য নিশ্চিত কৰিবলৈ পদক্ষেপ ল’বলৈ কোৱা হৈছে। “মই বাক্সাৰ আৰু ভোজপুৰৰ জিলা দণ্ডাধীশসকলৰ (য’ত আৰাৰ মুখ্য কাৰ্যালয় আছে) সৈতে অতি সোনকালে সেই স্থানত উপস্থিত হ’ম আৰু তেওঁলোকক সাহায্যৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছো,” তেওঁ লগতে কয়।