দিল্লী অভিমুখে উৰা মৰা ইণ্ডিগ’ বিমানত যাত্ৰীৰ মৃত্যু

ইণ্ডিগ’ৰ জবলপুৰ-নতুন দিল্লী বিমানত সংঘটিত হৈছে যাত্ৰী মৃত্যুৰ ঘটনা। জবলপুৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হোৱা বিমানখনে উৰা মৰাৰ কিছু সময় পাছতেই এগৰাকী যাত্ৰীৰ মৃত্যু হয়।

যাত্ৰীগৰাকীয়ে মৃত্যুক আকোৱালি লোৱাত বিমানখন পুনৰ জবলপুৰতেই অৱতৰণ কৰিবলগীয়া হয়।

জানিব পৰা অনুসৰি, যাত্ৰীগৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত যাত্ৰীজনৰ নাম ৰাজেন্দ্ৰ ফ্ৰাঙ্কেলিন।

ইণ্ডিগ’ কৰ্তৃপক্ষই জনোৱা মতে, বিমানখন উৰা মৰাৰ লগে লগে এই অবাঞ্চিত ঘটনাটো সংঘটিত হোৱাত তৎপৰতাৰে পুনৰ জবলপুৰতে অৱতৰণ কৰোৱা হয় বিমানখন।

পৰৱৰ্তী পৰ্যায়ত স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো জিম্মাত লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য যে, ইণ্ডিগ’ বিমানত এনে ঘটনা সংঘটিত হোৱা এয়াই প্ৰথম ঘটনা নহয়। কিছুদিন পূৰ্বে মুম্বাইৰ পৰা ৰাঁচীলৈ যোৱা ইণ্ডিগ’ৰ বিমানটো এজন যাত্ৰীৰ মৃত্যু হোৱাত বিমানখনে নাগপুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছিল।