দপ্তব সাল-সলনি কৰা হ’ল মোডীৰ মন্ত্ৰীসভাৰ। শেহতীয়াকৈ মন্ত্ৰীসভাৰ ৰদবদলত আইন দপ্তৰ আঁতৰোৱা হ’ল কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজুৰ।
ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা অৰ্জুন ৰাম মেঘৱালক তেওঁৰ হাতত থকা আন দপ্তৰৰ লগতে নতুন কেন্দ্ৰীয় আইন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে কিৰেন ৰিজিজুক ভূ-বিজ্ঞান বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়।